মুখ্য পৃষ্ঠা
06/04/25United States15:39

অভিশপ্ত প্ৰেম

(এক)
মোৰ ভালপোৱাৰে শপত প্ৰিয়া
যিদিনা তুমি কপালত আনৰ সেন্দুৰ
আঁকি ল'বা ,
সেইদিনা একাঁজলি আলফুলিয়া বিষাদ
মোক উপহাৰ দিবলৈ পাহৰি নাযাবা |
বিষাদত জন্ম হ'ব মোৰ ,
এটি অনুভৱৰ অকবিতা |

(দুই)
সীমান্তৰ সিপাৰে মৃত্যু নাওঁত ,
পাৰো যদি গাই যাম এটি প্ৰিয় গান |
"পৰ জনমৰ শুভ লগনত...."
অ' মোৰ প্ৰাণৰ প্ৰতিমা ,
মুখত মিছিকি হাঁহি লৈ
তুমি হাত জোকাৰি বিদায় দিবা |
সিপাৰত তোমাৰ বাবেই লিখিম ,
এটি প্ৰেমৰ কবিতা |
তুমি নিজানত নীৰৱে পঢ়িবা |

(তিনি)
যিদিনা তুমি মোক বুজিবা ,
সেইদিনা তুমি মোৰ মৃতদেহ দেখিবা |
যিদিনা তুমি মোক ওচৰত বিচাৰিবা ,
সেইদিনা মোৰ চিতাৰ জুই দেখিবা |
মোৰ মৃত দেহ চাবলৈ ,
তুমি ওচৰলৈ নাহিবা |
মোৰ মৃহ দেহ ঢ়াকি দিয়া বগা কাপোৰ
খন
তুমি অভিমানত
দুভৰিৰে মোহাৰি লেটেৰা নকৰিবা |
চিতাৰ জুই চাবলৈ ,
তুমি কাষলৈ নাহিবা !
মোৰ চিতাৰ ক'লা ধুঁৱাত ,
তোমাৰ ধুনীয়া মুখ খন
লেটেৰা নকৰিবা |

© ৰাজু কলিতা

10/08/14



XtGem Forum catalog